Local, Vocal, Global

২৪ ঘন্টাত ৰাজ্যত পুনৰ আক্ৰান্ত ২,৬৮৪ গৰাকী

ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২৬৮৪ গৰাকী। ইয়াৰ বিপৰীতে মঙলবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৪৩৪ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ৯গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬১৮ কামৰূপ (মহানগৰ) জিলাৰ, ১৪১গৰাকী যোৰহাট জিলাৰ আৰু ১৭৪ গৰাকী কাছাৰ জিলাৰ আৰু ১৫৭গৰাকী ডিব্ৰুগড়ৰ জিলাৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ১১ হাজাৰ ৭২৪ গৰাকী। বৰ্তমানলৈ ৮৬,৮৯৪গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৫ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৪,৫১৪ গৰাকী ৰোগী।
মঙলবাৰৰ দিনটোত ৰাজ্যত ৩৭,০৬৬ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৭.২৪ শতাংশ।