Local, Vocal, Global

কৰ’নাত আক্ৰান্ত ৰাজ্যৰ ২২ গৰাকীকৈ নেতা-মন্ত্ৰী-বিধায়ক

ৰাজ্যত ৯৬ হাজাৰ অতিক্ৰম কৰ’না আক্ৰান্ত লোকৰ সংখ্যা৷ সাধাৰণ জনতাৰ সমান্তৰালকৈ মহামাৰী কৰ’নাৰ কৱলত পৰিছে এজনৰ পিছত আনজন নেতা-মন্ত্ৰী-বিধায়ক৷ বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২২জনকৈ ৰাজনীতিৰ লগত জড়িত ব্যক্তি৷ বুধবাৰে কৰ’নাত আক্ৰান্ত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ কিছুদিনৰ পৰা জ্বৰ-চৰ্দিত ভুগি আছিল বৰ্ষীয়ান নেতাগৰাকী৷ সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷

তৰুণ গগৈৰ উপৰিও কৰ’নাত আক্ৰান্ত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, শদিয়াৰ বিধায়ক বলীন চেতিয়া, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ, সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ, সোণাইৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জোনাইৰ বিধায়ক ভূৱন পেগু, আলগাপুৰৰ বিধায়ক হাজি নিজামুদ্দিন চৌধুৰী, উধাৰবন্দৰৰ বিধায়ক মিহিৰ কান্তি সোম আক্ৰান্ত হৈছে কৰ’নাত৷

ইয়াৰ উপৰিও ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম, প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, প্ৰাক্তন সাংসদ ছিৰাজউদ্দিন আজমলো আক্ৰান্ত কৰ’নাত৷ উল্লেখ্য যে আক্ৰান্তৰ অধিকাংশই সম্প্ৰতি সুস্থ হৈছে৷