Local, Vocal, Global

অৱশেষ ঘুৰিল বাছ-ট্ৰেকাৰৰ চকা…

দুৰ্দশাৰ অৱসান! আজিৰে পৰা ৰাজ্যত পুনৰ চলিব যাত্ৰীবাহী বাহন। বিগত ৪ দিনে ৰাজ্যৰ মটৰ পৰিবহন সন্থাৰ প্ৰতিবাদৰ ফলস্বৰূপে অচল অৱস্থা আছিল ৰাজ্যৰ যাতায়ত ব্যৱস্থাত। চলা নাছিল বাছ,ট্ৰেকাৰ,অটোৰিক্সা আদি।

কিন্তু, পৰিবহন বিভাগ আৰু মটৰ পৰিবহন বৈঠকৰ অন্তত আজিৰে পৰা চলিব ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বাহন। উল্লেখ্য যে, বাহন সমূহৰ চলাচল আৰম্ভ হ’লেও ৰাজ্য চৰকাৰৰ পৰা জাৰি কৰিছে কিছু নিৰ্দেশনা। এতিয়াৰে পৰা যাত্ৰীবাহী বাহনত কেৱল ১০০ শতাংশ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। বাহন সমূহে লব নোৱাৰিব দুগুণ ভাড়া। আনহাতে যাত্ৰীবাহী বাছত ঠিয় কৰাই নিব নোৱাৰিব কোনো যাত্ৰী।