Local, Vocal, Global

UPSC CSE Final Result 2022: চূড়ান্ত ফলাফলৰ শীৰ্ষত উজ্বলিল অসম সন্তান ময়ুৰ হাজৰিকা

নগাঁও, 23 মে’: অসমবাসীক গৌৰৱান্বিত কৰি UPSC ত উজ্বলিল অসম সন্তান ময়ূৰ হাজৰিকা । অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকাত পঞ্চম স্থান দখল কৰিলে ময়ূৰ হাজৰিকাই (Mayur Hazarika Secures 5th Rank in UPSC) লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ নগাঁওবাসী ।

চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পন্ন কৰি UPSC ত পঞ্চম স্থান দখল কৰা ময়ূৰ হাজৰিকাই ডনবস্ক’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম আৰু ৰামানুজন জুনিয়ৰ কলেজ(Ramanujan Junior College)ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছিল । ইফালে UPSC ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱা ডাঃ ময়ুৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকাৰ চকুত দেখা গ’ল আনন্দৰ চকুলো ।

উল্লেখ্য যে, আজি অৰ্থাৎ মঙলবাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফলৰ তালিকাখন ঘোষণা কৰিছে । অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ইশিতা কিশোৰে । দ্বিতীয় স্থানত গৰিমা লোহিয়া আৰু উমা হাৰ্টি এন দখল কৰিছে তৃতীয় স্থান । চতুৰ্থ স্থান দখল কৰিছে স্মৃতি মিশ্ৰ আৰু পঞ্চম স্থানত আছে অসম সন্তান ময়ুৰ হাজৰিকা ।

চূড়ান্ত ফলাফলত নিযুক্তিৰ বাবে নিৰ্বাচিত হৈছে মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থী (Union Public Service Commission) । ইয়াৰে ৩৪৫ গৰাকী অসংৰক্ষিত, ৯৯ গৰাকী ই ডব্লিউ এছ, ২৬৩ গৰাকী অ’বি চি, ১৫৪ গৰাকী এছ চি আৰু ৭২ গৰাকী এছ টি শিতানৰ । ১৭৮ গৰাকী প্ৰাৰ্থীৰ সংৰক্ষিত তালিকাও প্ৰস্তুত কৰা হৈছে । ইতিমধ্যে আই এ এছৰ পদত নিৰ্বাচনৰ বাবে ১৮০ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে ।

শীৰ্ষ দহটা স্থান প্ৰাপককেইগৰাকী হৈছে :

১. ৫৮০৯৯৮৬ ইশিতা কিশোৰ
২. ১৫০৬১৭৫ গৰিমা লহিয়া
৩. ১০১৯৮৭২ উমা হাৰ্টি এন
৪. ০৮৫৮৬৯৫ স্মৃতি মিশ্ৰ
৫. ০৯০৬৪৫৭ ময়ুৰ হাজৰিকা
৬. ২৪০৯৪৯১ গহনা নব্য জেমছ
৭. ১৮০২৫২২ ৱাছিম ​​আহমেদ ভাট
৮. ০৮৫৩০০৪ অনিৰুদ্ধ যাদৱ
৯. ৩৫১৭২০১ কণিকা গোৱাল
১০. ০২০৫১৩৯ ৰাহুল শ্ৰীবাস্তৱ

লগতে পঢ়ক: UPSC CSE Final Result 2022 Out: প্ৰকাশ পালে UPSC অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকা , পঞ্চম স্থানত অসমৰ ময়ূৰ হাজৰিকা