Local, Vocal, Global

Watch | Assam to issue arms licences to citizens in vulnerable border areas,cm Sarma has clarified that: খিলঞ্জীয়াক দিয়া হ’ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

নিউজ ডেস্ক: সংখ্যালঘু অঞ্চলত খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব হিমন্ত চৰকাৰে। খিলঞ্জীয়াই যুঁজ দিব পৰাকৈ এই সিদ্ধান্ত চৰকাৰৰ।
কোন কোন জিলাত আৰু কোনে কোনে পাব চৰকাৰী অনুজ্ঞাপত্ৰৰ অস্ত্ৰ?

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমৰ কেইবাখনো জিলাত বিশেষকৈ সংখ্যালঘু অঞ্চলত খিলঞ্জীয়া সকলক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত।সংবাদ মেলত এই সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, -‘চৰকাৰে বন্দুক কিনি নিদিয়ে,কিন্তু কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’

ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কয়,-‘ আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল ৷ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব’ ৷ ধিং-ৰূপহী, মংগলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব ৷ সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব।
কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব লাইচেঞ্চ ৷

মুখ্যমন্ত্ৰীয়ে কয়,-‘আজিৰ সীমান্তত চলি থকা পৰিস্থিতিৰ বাবে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো ৷ খিলঞ্জীয়া ৰাইজে বহু আগৰেই পৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আছিল। জিলা আয়ুক্তসকলে বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত SOPজাৰি কৰিব ৷ এয়া আজিৰে পৰা কাৰ্যকৰী হ’ব।’