চীনৰ বিৰুদ্ধে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজিটেল ষ্ট্ৰাইক৷ ভাৰতৰ পিছত আমেৰিকাত নিষিদ্ধ হ’ল টিকটক৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ আমেৰিকাৰ এপছ ষ্টোৰৰ পৰা টিকটক আৰু উইছাট নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ আমেৰিকাৰ সচিব মাইক পম্পীয়ে কয় যে ,’আমি অবিশ্বাসযোগ্য চীন এপছ যেনে টিকটক, উইছাটক কোনো ধৰণে বিশ্বাস কৰিব নোৱাৰো৷ এই এপছসমূহে আমেৰিকাৰ নাগিৰকৰ ব্যক্তিগত তথ্য আৰু ক’ভিড-১৯ ভেকচিন উদ্ধাৱনত ব্যাঘাত জন্মাইছে৷ সেয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত কাৰণত আমি চীনা এপসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷’