ভয়াৱহ! ৬৪ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যাই

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ মঙলবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ২৬৬৯ গৰাকী। ইয়াৰ বিপৰীতে মঙলবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৪৮৭ গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৩৯৯ গৰাকী কামৰূপ মহানগৰৰ, ১৮৯ গৰাকী কাৰ্বি আংলাঙৰ, আৰু ১৮১ গৰাকী তিনিচুকীয়াৰ। মঙলবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৪গৰাকীৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৬৪,৪০৬ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৪৫,০৭৩ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৫৫ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৯,১৭৫ গৰাকী।
যোৱা ২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৫২ হাজাৰ ৬২টা গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.১২ শতাংশ।