Local, Vocal, Global

Junmoni Rabha death investigation: জখলাবন্ধাত অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ দল

কলিয়াবৰ, ১৭ মে’: নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে বুধবাৰে জখলাবন্ধাত উপস্থিত হয় অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ এটা দল । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পাছতে নিহত জোনমণি ৰাভাৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱা স্থানত উপস্থিত হয় অপৰাধ অনুসন্ধান শাখাৰ দলটো (Cid team at jakhalabandha)।

অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এই তিনিজনীয়া দলটোক সহযোগিতা আগবঢ়ালে লোকনিৰ্মাণ বিভাগ, পৰিবহণ বিভাগৰ বিষয়া লগতে জখলাবন্ধা আৰক্ষীয়ে । জানিব পৰা মতে, জখলাবন্ধা আৰক্ষী নিৱেশলৈ গৈ জোনমণি ৰাভা দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাহন পৰ্যবেক্ষণ কৰে অনুসন্ধানকাৰী দলটোৱে(Cid investigation) ।

উল্লেখ্য যে, সোমবাৰে নিশা আৰক্ষী বিষয়া জোনমণি ৰাভা দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ হোৱাৰ পাছতে এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি সৰৱ চৰ্চা লাভ কৰে । আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ লগতে ৰাজ্যখনৰ সচেতন ৰাইজে এই মৃত্যু সহজভাৱে ল’ব পৰা নাই । পৰিয়ালৰ লোকেও আৰক্ষীৰ বিষয়াগৰাকীৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে(Junmpni rabha mysterious death)।

এই দুৰ্ঘটনাক লৈ সন্দেহ আৰু অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অপৰাধ অনুসন্ধান শাখাৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হয় ।

লগতে পঢ়ক:Junmoni Rabha killed in road accident: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু !