Local, Vocal, Global

হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনবোৰ্ড পৰা ‘গোমাংস’ শব্দটো আঁতৰাবলৈ নিৰ্দেশ প্ৰশাসনৰ

নিউজ ডেক্স,১৫জুলাই : হোটেল আৰু ৰেষ্টুৰেণ্টসসমূহলৈ দিয়া হৈছে এক বিশেষ নিৰ্দেশনা।


হোটেল আৰু ৰেষ্টুৰেণ্টৰ ছাইনবোৰ্ড পৰা ‘গোমাংস’ শব্দটো আঁতৰাবলৈ নিৰ্দেশ অৰুণাচল প্ৰদেশত ।

১৩ জুলাইত ইটানগৰৰ নাহৰলগুন উপ-বিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্তই এই নিৰ্দেশ জাৰি কৰিছিল।

যদি নিৰ্দেশনাবোৰ ১৮ জুলাইৰ ভিতৰত পালন কৰা নহয় তেনেহলে ২০০০ টকাৰ জৰিমনা আৰোপ কৰা হব লগতে Tread License বাতিল কৰা হব।

বিবৃতিটোত কোৱা হৈছে যে গোমাংস শব্দটো এনেদৰে চাইনবোৰ্ডত মুকলিকৈ লিখাটো ঠিক নহয় কিয়নো ই বিভিন্ন সম্প্ৰদায়ত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে ।

সেয়ে ধৰ্মনিৰপেক্ষ বজাই ৰখাৰ বাবে আৰু পাৰস্পৰিক ভাতৃত্ববোধ সুৰক্ষিত ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।