Local, Vocal, Global

Assam Police Send Summons To Rahul Gandhi : ২৩ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী কংগ্ৰেছ নেতা ৰাহুল গান্ধীক

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী : ২৩ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ অভিযোগ(Assam Police Send Summons To Rahul Gandhi) ।

উল্লেখ্য যে, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে । এই অভিযোগতে অসমৰ অপৰাধ অনুসন্ধান বিভাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক তলব কৰিছে ৷ চি আই ডিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী,ভূপেন বৰা, গৌৰৱ গগৈ কে চি বেণুগোপাল, জীতেন্দ্ৰ সিংআৰু দেৱব্ৰত শইকীয়াক গুৱাহাটীৰ চি আই ডি থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ৷ তদুপৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৰমেন কুমাৰ শৰ্মাকো চমন জাৰি কৰিছে চি আই ডিয়ে(Assam CID summons Rahul Gandhi, Congress leaders over damages during Nyay Yatra) ৷

চমন অনুসৰি ২৩ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ নেতাসকলে উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ৷

ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো ন্যায় যাত্ৰাই গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰোতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কেইবাটাও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিতে ২৩ ফেব্ৰুৱাৰীত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব কংগ্ৰেছ নেতা গৰাকীয়ে ।

লগতে পঢ়ক : Road Acciden : ডাম্পাৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত বাইক আৰোহী