Local, Vocal, Global

নামতোলাত সেনা জোৱান আৰু অসম আৰক্ষীৰ মাজত খণ্ডযুদ্ধ

চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তত অৱস্থিত নামতোলাত অভিযানকাৰী সেনাৰ দল এটাৰ সৈতে আৰক্ষীৰ এক খণ্ডযুদ্ধৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণি অনুসৰি চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নাগালেণ্ডৰ মন জিলাৰ টিজিতত বাঁহৰ পাতি থকা ভাৰতীয় সেনা বাহিনীৰ ২১ পেৰা ৰেজিমেণ্টৰ কেইজনমান অসামৰিক পোছাক পৰিধান কৰি অহা জোৱানে নামতোলা আৰক্ষী থানাৰ নিচেই ওচৰৰ পৰা এজন স্থানীয় যুৱকক বলপূৰ্বক নিবলৈ চেষ্টা কৰে। সীমান্তৰ সিপাৰৰ পৰা অহা সেনা জোৱান কেইজনে অসমৰ মাটিৰ পৰা যুৱকজনক গাড়ীত তুলি নিবলৈ চেষ্টা কৰাত প্ৰথমে স্থানীয় জনসাধাৰনে বাধা দিবলৈ চেষ্টা কৰে। ক্ষন্তেক সময়ৰ ভিতৰত উক্ত স্থানত গৈ উপস্থিত হোৱা নামতোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুলেশ্বৰ সিঙে সেনাৰ জোৱান কেইজনে কিয় অসমৰ এলেকাৰ পৰা যুৱক জনক বলপূৰ্বক তুলি নিব বিচাৰিছে বুলি প্ৰশ্ন কৰাত সেনা বাহিনীৰ জোৱান কেইজনে তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও শাৰীৰিক ভাবে অপদস্থ কৰিবলৈ উদ্যত হয়। আৰক্ষী বিষয়া সিঙে নিজৰ মোবাইল উলিয়াই সেনা জোৱান কেইজনৰ কৰ্মকাণ্ড ৰেকৰ্ডিং কৰিব লওঁতেই সেনা জোৱান কেইজনে তেওঁৰ হাতৰ পৰা মোবাইলটো থপিয়াই লৈ লোৱাৰ লগতে শাৰীৰিক ভাৱে প্ৰহাৰ কৰে বুলি চৰাইদেউ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জানিব দিছে। আৰক্ষী বিষয়া জনক প্ৰহাৰ কৰি সেনাৰ দলটো তাৰ পৰা নাগালেণ্ডৰ সীমান্তৰ দিশত গুচি যায়। ঘটনাৰ খবৰ পাই নামতোলা আৰক্ষী থানাত গৈ উপস্থিত হোৱা চৰাইদেউৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু জিলাখনৰ অন্যান্য শীৰ্ষ আৰক্ষী বিষয়া সকলে ঘটনাটোৰ বুজ লোৱাৰ লগতে আঘাতপ্ৰাপ্ত নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুলেশ্বৰ সিঙক ততাতৈয়াকৈ চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সেনা জোৱান কেইজনৰ প্ৰহাৰত বুকুত আঘাত পোৱা আৰক্ষী বিষয়াজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। চৰাইদেউৰ মহকুমা আৰক্ষী বিষয়া তৃদীপ কুম্বাংয়ে জানিব দিয়া মতে নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক প্ৰহাৰ কৰা আৰু স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ অসমত প্ৰৱেশ কৰি এজন স্থানীয় যুৱকক বলপূৰ্বক উঠাই লৈ যাবলৈ চেষ্টা কৰা সেনা বাহিনীৰ জোৱান কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। বিষয়টোৱে চৰাইদেউ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।