সাধ্য আইনৰ সময়ত চোৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান

সাধ্য আইনৰ সময়ত চোৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান। লখিমপুৰৰ বিহপুৰীয়াত মন্দিৰত নিশা চোৰৰ তাণ্ডৱ। পূজাৰীৰ মোনাৰ পৰা লুট কৰে ৫৭ হাজাৰ টকা। মাজনিশা মন্দিৰৰ খিৰিকী ভাঙি সোমাই লকাৰ ভাঙি তিনিজনীয়া চোৰৰ দলে লণ্ডভণ্ড কৰে পূজাৰীৰ কোঠা। নিশাই বিহপুৰীয়া আৰক্ষীয়ে তৎপৰতাৰে কিশোৰসহ ৩ চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চোৰকেইটা ক্ৰমে অতুল মোহন তিৱাৰী আৰু সঞ্জীৱ বৰ্মনৰ লগতে গ্ৰেপ্তাৰ কৰা কিশোৰৰ বয়স ১৭ বছৰ। পূজাৰীৰ মোনাৰ পৰা লুট কৰা ৫৭ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে৷