Assam online trading scam : দেওবাৰে নিশা চুমি বৰা-তাৰ্কিক বৰাক নিয়া হয় চিকিৎসালয়লৈ!
নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : ডিব্ৰুগড় সদৰ থানাত চুমি-তাৰ্কিকক তদন্তকাৰী বিষয়াই চলাইছে মাৰাথন জেৰা। ইটোৰ পাছত সিটো প্ৰশ্নৰে চলোৱা হৈছে জেৰা।
চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়া আৰক্ষীৰে বাক-বিতণ্ডা চুমিৰ(Assam online trading scam)।
দেওবাৰে নিশা ১ বজাত স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়া হয় চুমি বৰাক। চুমিৰ লগতে তাৰ্কিক বৰাকো নিয়া হয় স্বাস্থ্য পৰীক্ষাৰ বাবে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হ’ল ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।
স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ তিনি অভিযুক্তক অনা হয় ডিব্ৰুগড় সদৰ থানালৈ।কাইলৈ আদালতত হাজিৰ কৰা হ’ব কোটি টকীয়া প্ৰৱঞ্চনাৰ অভিযুক্ত চুমি বৰা, তাৰ্কিক বৰাক।
লগতে পঢ়ক : Massive fire breaks out in Goalpara : দপদপাই জ্বলিল দুখনকৈ বাছ