Local, Vocal, Global

Assam Photo journalist Luit Chaliha is no more : বিশিষ্ট ফটো সাংবাদিক লুইত চলিহাৰ দেহাৱসান

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : অসমৰ এগৰাকী বিশিষ্ট ফটো সাংবাদিক তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সদস্য লুইত চলিহা(৫০) আৰু নাই। দেওবাৰে সন্ধিয়া ৬ বজাত যোৰহাট জিলাৰ কেন্দুগুৰিৰ ভাড়াঘৰত সাংবাদিকগৰাকীয়ে অকালতে মৃত্যুবৰণ কৰে(Assam Photo journalist Luit Chaliha is no more)।

প্ৰখ্যাত চলিহা পৰিয়ালত ১৯৭৪ চনত জন্মগ্ৰহণ কৰা লুইত চলিহা আছিল নাট্যকাৰ তথা অভিনেতা বিভূতি চলিহাৰ একমাত্ৰ পুত্ৰ। সাংবাদিকতাৰ উপৰিও লুইত চলিহা আছিল এগৰাকী সুদক্ষ অভিনেতা। পৰাগ চলিহাৰ বিখ্যাত নাটক “চাৰি হেজাৰ বছৰৰ অসম”ত” বীৰ বব্ৰুবাহন” চৰিত্ৰত বলিষ্ঠ অভিনয় কৰাৰ উপৰিও স্কুলীয়া জীৱনত বহু নাটকত সুন্দৰ অভিনয় কৰি শ্ৰেষ্ঠ শিশু অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লুইত চলিহাৰ আকস্মিক মৃত্যুত শোকাভিভূত হৈ পৰে শিৱসাগৰৰ সংবাদ মহল।

মৃত্যুৰ সময়ত লুইত চলিহাই একমাত্ৰ পত্নীক ইহ সংসাৰত এৰি থৈ যায়। দেওবাৰে নিশা যোৰহাটত বিশিষ্ট সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। লুইত চলিহাৰ মৃত্যুত শিৱসাগৰ প্ৰেছ ক্লাবত এখনি শোকসভা অনুষ্ঠিত হয়(Assam Photojournalists’ Association Mourns The Demise Of Luit Chaliha)।

লগতে পঢ়ক :Assam online trading scam : দেওবাৰে নিশা চুমি বৰা-তাৰ্কিক বৰাক নিয়া হয় চিকিৎসালয়লৈ!