Local, Vocal, Global

Massive fire breaks out in Goalpara : দপদপাই জ্বলিল দুখনকৈ বাছ

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : দপদপাই জ্বলিল দুখনকৈ বাছ। চকুৰ সন্মুখতেই ভস্মীভূত হয় দুখনকৈ বাছ।

গোৱালপাৰা লক্ষীপুৰ জলেশ্বৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । চকুৰ সন্মুখতেই ভস্মীভূত হয় AS18-AC-7052, AS18-EC-1491 নম্বৰৰ বাছ দুখন। জলেশ্বৰ বজাৰৰ মাজত নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো। যান্ত্ৰিক বিজুতিৰ ফলতে দুয়োখন বাছত জুই লগাৰ সন্দেহ।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে লক্ষীপুৰৰ অগ্নিনির্বাপক খবৰ দিয়ে যদিও দুই ঘণ্টা পলমকৈ ঘটনা স্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে(Massive fire breaks out in Goalpara)।

ইফালে যদিও অগ্নিনির্বাপকৰ বাহন দেৰিকৈ উপস্থিত হয় গাড়ী খনত পানী নাই। ইয়াক লৈ ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতে ঘটনাস্থলীৰ পৰা অগ্নিনির্বাপকৰ বাহনখন জলেশ্বৰ আৰক্ষী চকী লৈ লৈ যায়। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ৰাইজৰ দাবী অতি শীঘ্ৰে জলেশ্বৰত এখন অগ্নিনির্বাপকৰ গাড়ীৰ ব্যৱস্থা কৰিব লাগে।

লগতে পঢ়ক :Assam Trading Scam :চুমি-তাৰ্কিক লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল ডিব্ৰুগড়ৰ বিতৰ্কিত সুৰা ব্যৱসায়ী জিতেন কলিতাই