Local, Vocal, Global

অসম -মিজোৰাম সীমান্তত ভূমি দখলৰ চেষ্টা মিজোৰ

অসম -মিজোৰাম সীমান্তত মিজোৰ আগ্ৰাসন |অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰ| পুৱতি নিশা অসমৰ সীমান্তত প্ৰৱেশ কৰি অসমীয়াক উৎখাত কৰি ভুমি দখলৰ অপচেষ্টা মিজোবাহিনীৰ |অসম-মিজোৰাম সীমান্তৰ পৰা ২ কিলোমিটাৰ ভিতৰৰ লায়লাপুৰত প্ৰৱেশ কৰি অসমীয়াৰ ব্যাৱসায়িক প্ৰতিষ্ঠানসহ ঘৰ-বাৰী জ্বলাই দি অসমীয়াক উৎখাত কৰাৰ চেষ্টা চলাইছে মিজোসকলে | খনকৈ ব্যাৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিছে মিজোসকলে| মিজো আক্ৰমণৰ খবৰত আতংকিত হৈ পৰিছে সীমান্তৰ ৰাইজ |ঘটনাৰ খবৰ পাই কাছাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে |মিজোৰাম সীমান্তত কেইবামাহ ধৰি আগ্ৰসী হৈ পৰিছে মিজোসকল |কেইদিনমান পূৰ্বেও এনেদৰে অসমত সীমান্তত  প্ৰৱেশ কৰি ভুমি দখলৰ চেষ্টা চলাইছিল মিজোসকলে ৷