Local, Vocal, Global

অসম-মেঘালয়ৰ মাজত চুক্তি সম্পন্ন, শীঘ্ৰেই দুই ৰাজ্যৰ সীমান্তৰ মাজত শান্তি স্থাপন

নিউজ ডেস্ক, ২৯ মাৰ্চঃ আজি ৰাজধানী দিল্লীত স্বাক্ষৰিত হ’ল অসম আৰু মেঘালয়ৰ মাজত বহু দশক ধৰি সীমা সমস্যা সমাধানৰ বাবে এক বিশেষ চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে চুক্তিখনত ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰা হয় ।

অৱশেষত শনিবাৰে দিল্লীত এই সীমা বিবাদ সমাধানৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিলে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা, ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত হৈছে। উল্লেখ্য যে এই দুই ৬ টা বিবাদিত স্থানত মুঠ ৩৬ খন গাওঁ আছে।

এই চুক্তি অনুসৰি অসম বিবাদমান এলেকাৰ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে মেঘালয়ে লাভ কৰিব ১৮. ৫১ বৰ্গ কিলোমিটাৰ এলেকাৰ ভূমি। এই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে,দুই ৰাজ্য সীমা বিবাদ সমাধানৰ বাবে বিগত ৩১ জানুৱাৰীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত বিবেচনাৰ বাবে বুজাবুজিৰ চুক্তি পত্ৰ দাখিল কৰিছিল। গৃহ মন্ত্ৰালয়ে ২৯ মাৰ্চত অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত সীমা চুক্তি চূড়ান্ত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল।