Assam Lok Sabha Election 2024 : শিলচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

নিউজ ডেস্ক,২১ এপ্ৰিল : শিলচৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য আজি বিয়লি ৪ বজাত শিলচৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Assam Lok Sabha Election 2024) ।
শিলচৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থীদ্বয়ৰ হৈ চলাই প্ৰচাৰ ৷ তাৰ বাবে শিলচৰত আয়োজন কৰা এক বিশাল ৰোড শ্ব’ত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ৰোড শ্ব’ত সংগ দিয়ে ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই ৰোড শ্ব’ত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে ।
ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷