গুৱাহাটীত লকডাউন শিথিল সিন্ধান্তৰ পুনৰ বিবেচনাৰ কথা ওলোৱা নাই
- মহানগৰীত লকডাউন শিথিল সন্দৰ্ভত চৰকাৰে পুনৰ বিবেচনা কৰাকলৈ ওলোৱা বাতৰি সচা নহয়
- মুখ্য় সচিব কুমাৰ সঞ্জয় কৃষ্ণই নিশা দিয়া টুইটৰ অপব্যখ্যা
- মহানগৰীৰত লকডাউন অধিক শিথিল কৰাৰ বিষয়েহে ভাবিছে চৰকাৰে
- উল্লেখযোগ্য যে ৬ আৰু ৮ জুলাইত গুৱাহাটীত লকডাউন শিথিলৰ সিদ্ধান্ত শনিবাৰে লোৱা হৈছিল
- লকডাউন শিথিলৰ সিদ্ধান্ত অনুসৰি –
- এই দিনদুটাত খুলিহ পাৰিব গেলামালৰ দোকান
- অৱশ্যে মহানগৰীৰ ২০ শতাংশ গেলামালৰ দোকান খোলাৰ অনুমতি
- দোকানী গ্ৰাহকে মাস্ক আৰু গ্ল’ভছ পিন্ধাতো বাধ্যতামুলক
- গ্ৰাহক সকলে মানি চলিব লাগিব সামাজিক দুৰত্ব
- পুৱা ১১ বজাৰ পৰাই বিয়লী ৪ বজালৈ খোলা থাকিব দোকানবোৰ
- ঘৰে-ঘৰে শাক-পাচলি, ফলমূল বিক্ৰী অনুমতি
- পুৱা ১১ বজাৰ পৰাই দুপৰীয়া ২ বজালৈ এই অনুমতি দিয়া হৈছে
- ৬ আৰু ৮ জুলাইত পশু চিকিৎসাৰ ক্লিনিক সমূহ খোলাৰ অনুমতি দিয়া হৈছিল
- কিন্তু চৰকাৰে এই সিদ্ধান্ত পুনৰ বিবেচনাৰ কথা ভবা বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল
- এই বাতৰি সঁচা নহয় বুলি MYNewsNE-ক জনালে চৰকাৰী সুত্ৰই