Local, Vocal, Global

শোণিতপুৰ জিলাত আবকাৰী বিভাগৰ অভিযান

56

লকডাউনৰ সময়চোৱাত শোণিতপুৰ জিলা আবকাৰী বিভাগৰ চলিল সুৰাৰ বিৰুদ্ধে অভিযান। তেজপুৰ দাঁতিকাষৰীয়া ঢেকিডল , তল গেৰেকীত অভিযান চলাই বৃহৎ পৰিমানৰ দেশীয় সুৰা জব্দ কৰে । লকডাউনৰ সময়চোৱাত শোণিতপুৰ আবকাৰী বিভাগে আবকাৰী বিভাগৰ পৰিদৰ্শক প্রেম কুমাৰ সিঙৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে শনিবাৰে তেজপুৰ চহৰৰ তল গেৰেকী আৰু ঢেকিডল অঞ্চলত অভিযান চলাই চুলাই মদ প্ৰস্তুত কৰা  ৬৫০ কেজি কেঁচা সামগ্ৰী আৰু ১৫০ লিটাৰ দেশী সুৰাৰ লগতে বহু পৰিমাণৰ অবৈধ সুৰা বনোৱা সামগ্ৰী জব্দ কৰে ।  লগতে অভিযানকাৰী দলে আটক কৰে দুজন মদ ব্যৱসায়িক ।