Local, Vocal, Global

দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত ভয়ংকৰ কেলেংকাৰি

দক্ষিণ শালমাৰাৰ টুমনি গাঁও পঞ্চায়তত জবকাৰ্ডৰ বৃহৎ কেলেংকাৰি। মৃত ব্যাক্তিৰ জবকাৰ্ডৰ জৰিয়তে গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবে চিএএছপিৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগ ৰাইজৰ। দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনি গাঁও পঞ্চায়তৰ সভাপতি আজিয়াল হক, সচিব আব্দুল বাচিদ শ্বেইখ, ৱাৰ্ড সদস্য ইব্ৰাহিম শ্বেইখ আৰু টুমনি গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ চিএএছপিৰ স্বত্বাধিকাৰী মফিজুৰ ৰহমানে সংঘটিত কৰি আহিছে এই ভয়ংকৰ জালিয়াতি। ৰাজাবালাৰ ফেৰশাটাৰী গাঁৱৰ ক্ৰমে ২০১১ চনৰ ২ ফেব্ৰুৱাৰীত মৃত্যু হোৱা মজিবৰ ৰহমান, ২০১৮ চনৰ ২৬ এপ্ৰিলত মৃত্যু হোৱা আব্দুছ ছায়েদ হুছেইন আৰু ২০১৬ চনৰ ১ আগষ্টত মৃত্যু হোৱা আব্দুছ ছামাদৰ নামত জবকাৰ্ডৰ চিএএছপিৰ একাউণ্টৰ জালিয়াতিৰে ধন মোকলাই আত্মসাৎ কৰি আহিছে। লগতে গাঁৱৰে বহুকেইজন লোকৰ একাউণ্টৰ পৰা প্ৰায় ৭৫ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত ২২ জুলাইত এজাহাৰ দাখিল কৰে। শুকুৰবাৰে আৰক্ষীয়ে চিএএছপিৰ স্বত্বাধিকাৰী মফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে মফিজুৰ ৰহমানক ধুবুৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰিছে।