Local, Vocal, Global

ধিক মানৱতা! ৫ দিনে চিকিৎসালয়ৰ বাহিৰত পৰি আছে এটা মৃতদেহ

মানৱতা ভুলন্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত। ৫ দিন ধৰি চিকিৎসালয়ত পৰি আছে এটা মৃতদেহ। অমানৱীয়ভাৱে চিকিৎসালয়ৰ বাহিৰতে মৃতদেহটো পেলাই থোৱাৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ। উল্লেখ্যযে কিছুদিনৰ পুৰ্বে পদপথত এজন ৰুগীয়া বৃদ্ধ লোকক কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি ১০৮ৰ যোগেদি প্ৰেৰণ কৰে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ। কিন্তু ৫ আগষ্টত লোকজনৰ মৃত্যু হয়। কিন্তু মৃত্যুৰ পিছতো নাহিল তেৱঁৰ আত্মীয়। ইফালে মৃত্যুৰ পিচত মৰ্গৰ অভাৱত চিকিৎসালয়ৰ বাহিৰতে পেলাই থৈ দিয়ে মৃতদেহটো। ৫ দিন ধৰি পৰি থকা মৃতদেহৰ পৰা গোন্ধ ওলোৱাত চিকিৎসা কৰিবলৈ অহা ৰোগীৰ আত্মীয়ই এই অমানৱীয় ঘটনা প্ৰত্যক্ষ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু সাংবাদিক উপস্থিতিৰ উমান পাই ততাতৈয়াকৈ বাহিৰত পেলাই থোৱা মৃতদেহটো স্থানান্তৰ কৰে চিকিৎসালয়ৰ মেইল ৱাৰ্ডলৈ। উল্লেখ্যযে মৃত লোকজনৰ ঘৰ সৰুপথাৰৰ চুঙাজানৰ সুৰেন বড়ো ।

প্ৰাপ্ত খবৰ অনুসৰি সুৰেন বড়োক পৰিয়ালৰ লোকে তেওঁক ঘৰৰ পৰা খেদি দিছিল। কিন্তু মৃত্যুৰ পিছতো মৃতদেহ চমজি লবলৈ নাহিল পৰিয়ালৰ লোক। ইফালে চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে ৰোগী গৰাকীৰ পৰিয়ালৰ কোনো লোক নহাত মৰ্গৰ অভাৱত ৭২ ঘন্টাৰ বাবে থৈ দিছে মৃতদেহ। প্ৰশাসনৰ লোকক এই বিষয়ে অৱগত কৰা হৈছে যদি মৃতদেহটো সৎকাৰ কৰাৰ কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে।

ইফালে মৰ্গৰ অভাৱত এইদৰে ৫ দিন ধৰি এটা মৃতদেহ পেলাই থোৱাৰ ঘটনাই তাত চিকিৎসা কৰিবলৈ অহা ৰোগী সকলক মাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তদুপৰি মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত চিকিৎসালয়খন সৃষ্টি হৈছে অস্বাস্থ্যকৰ পৰিবেশ।