মধুমেহ ৰোগ উপশম কৰিবলৈ গৈ গ্ৰীন টী উৎপাদনকাৰীলৈ পৰ্যবসিত এজন
মধুমেহ ৰোগ উপশমৰ বাবে গ্ৰীণ টি ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়িবলৈ গৈ নিজেও হ’লগৈ এগৰাকী গ্ৰীন টী উৎপাদনকাৰী। কলিয়াবৰৰ বামুণীগাৱঁৰ গ্ৰীন টী উৎপাদনকাৰী ব্যৱসায়ীজন অনিৰুদ্ধ গুপ্তা। আজিৰে পৰা কিছু বছৰ পূৰ্বে মধুমেহ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈছিল অনিৰুদ্ধ গুপ্তা। অনিৰুদ্ধক চিকিৎসা কৰা চিকিৎসকে গ্ৰীন টী সেৱনৰ পৰামৰ্শ আগবঢ়াইছিল অনিৰুদ্ধক। প্ৰথমে বজাৰৰ পৰা গ্ৰীন টী কিনি খাই সুফল লাভ কৰা অনিৰুদ্ধই নিজাববীয়াকৈ স্থাপন কৰে জৈৱিক পদ্ধতিৰে কৰা চাহ বাগিচা। দুবিঘা মাটিত জৈৱিক চাহ খেতি কৰি উৎপাদন আৰম্ভ কৰে গ্ৰীন টী আৰু হোৱাইট টীৰ । পাঁচ লক্ষাধিক টকা ব্যয়ৰে ক্ৰয় কৰা যন্ত্ৰৰে পৰীক্ষামূলকভাৱে উৎপাদন আৰম্ভ কৰি ব্যৱসায় আৰম্ভ কৰিছে। বজাৰত প্ৰতিকেজিত গ্ৰীন টী তিনিহাজাৰ টকা আৰু হোৱাইট টী ১৬ হাজাৰ টকাকৈ প্ৰতিকেজিত বিক্ৰী কৰি লাভৱান হবলৈ সক্ষম হৈছে অনিৰুদ্ধ গুপ্তা। গ্ৰীন টী, হোৱাইট টী ব্যৱসায়ক লৈ যথেষ্ট আশাবাদী উদ্যোগী ক্ষুদ্ৰ ব্যৱসায়ীজন। বিদেশত যথেষ্ট সমাদৰ থকা গ্ৰীন টী , হোৱাইট টী উৎপাদন কৰি লাভাৱাম্বিত হোৱাৰ পথ প্ৰদৰ্শন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।