Website Design: dastechnologies.in
সেউজীয়া পথাৰ হ’লগৈ মৰুভূমি। ধেমাজিত সেউজীয়া পথাৰৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে মৰুভূমি সদৃশ ৰূপ। ধেমাজিৰ জীয়াধল আৰু চমৰাজান পঞ্চায়তৰ কৃষকৰ দুৰ্দশা। জীয়াধলৰ কোঁৱাল সোঁতে তচনচ কৰিলে সেউজীয়া পথাৰ। কপালৰ ঘাঁম মাটিত পেলাই কৃষকে বহু আশাৰে শ-শ বিঘা ভুমিত কৃষিকৰ্ম কৰিছিল। কিন্তু কালৰূপী জীয়াধল নদীৰ পানীয়ে লহপহকৈ বাঢ়ি অহা খেতিপথাৰ বালিৰে পুতি পেলায়। যাৰ ফলত এতিয়া কৃষকসকলে মূৰে-কপালে হাত দিব লগা হৈছে। উল্লেখ্য যে চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে৷