Local, Vocal, Global

বোকাজানত সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰৰ প্ৰতিক্ৰিয়া। বোকাজান প্ৰেছ ক্লাৱৰ গৰিহণা

দুৰ্নীতি আৰু কেলেংকাৰিৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰি এইবাৰ ব্যক্তিগত আক্ৰোশৰ বলি হৈছে বোকাজানৰ এজন সংবাদকৰ্মী ৷ সংবাদকৰ্মীজনৰ ওপৰত কেবাটাও ভুৱা গোচৰ আৰোপ কৰি বোকাজান থানাত গোচৰ তৰিছে অৰ্পিতা ৰয় মহন্ত নামৰ এগৰাকী মহিলাই ৷ বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত দেওপানী পৰিষদীয় সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত নিৰ্মিত আাৱাস গৃহত নিৰ্মাণৰ নামত ফাদিল হোৱা কেলেংকাৰি বিষয়ত বোকাজানৰ স্থানীয় সংবাদদাতাসকলে বিভিন্ন সংবাদ মাধ্যমত কিছুদিনৰ পৰা বাতৰি পৰিৱেশন কৰি আহিছে ৷ এই সংবাদদাতাসকলৰ মাজত অসমৰ এখন দৈনিক বাতৰি কাকতৰ বিশেষ সংবাদদাতা তথা এটা ব্যক্তিগত টিভি চেনেলৰ বোকাজানৰ সংবাদদাতা আকাশজ্যোতি কাকতিয়েও দেওপানী পৰিষদীয় সমষ্টিত সংঘটিত উক্ত কেলেংকাৰীৰ বাতৰি ধাৰবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল ৷ ইয়াতে খৰ্গহস্ত হৈ পৰে দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত প্ৰত্যক্ষভাৱে জড়িত নৱ নিৰ্মাণ ষ্ট্ৰাকচাৰ এণ্ড প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অৰ্পিতা ৰয় মহন্ত ৷ মহন্তই যোৱা তিনি আগষ্টত কেবাটাও অভিযোগ তুলি বোকাজান থানাত এজাহাৰ দাখিল কৰে ৷ইতিমধ্যে সাংবাদিকজনৰ বিৰুদ্ধে কেবাটাও জামিনবিহীন ধাৰাত গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে ৷ কিন্ত বাতৰিৰ গইনা লৈ কেবটাও ভুৱা গোচৰ সাংবাদিকজনৰ ওপৰত জাপি দিয়া হৈছে বুলি জানিব পাৰি বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এজাহৰাত উল্লেখ কৰা মতে মে’ মাহত কোনো এক সামাজিক অনুষ্ঠানত অৰ্পিতা ৰয় মহন্তক আশালীন ব্যৱহাৰ কৰি দহ লাখ টকা দাবী কৰাৰ লগতে সাংবাদিকজনে কোনো উগ্ৰপন্থী সংগঠনৰ হৈ ধন সংগ্ৰহ কৰে বুলি উল্লেখ কৰিছে ৷ আজি বোকাজান প্ৰেছ ক্লাৱত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাত সাংবাদিকৰ মুখ বন্ধ কৰাৰ বাবে ধন বল প্ৰয়োগেৰে এনে ভুৱা গোচৰ সাংবাদিকৰ ওপৰত জাপি দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ লগতে বোকাজান বিধানসভা সমষ্টিৰ অধীনত থকা বিভিন্ন পৰিষদীয় সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত আৱাস গৃহ নিৰ্মাণত হৈ থকা অনিয়ম আৰু কেলেংকাৰীৰ তদন্ত কৰিবলৈ শীঘ্ৰে সংশ্লিষ্ট প্ৰশাসনক কৰিবলৈ দাবী জনায় কাৰ্যনিৰ্বাহক সভাই৷