Local, Vocal, Global

মানুহে মানুহৰ বাবে! বানাক্ৰান্ত ৰাইজৰ কাষত গোলাঘাটৰ ছাত্ৰ সমাজ

মানুহে মানুহৰ বাবে। বৰ্তমানেও বিৰাজমান মানৱতা। যান্ত্ৰিকতাৰ মাজতো এতিয়াও যে মানৱতা শেষ হৈ যোৱা নাই সেই কথা প্ৰমাণ কৰি দেখুৱালে গোলাঘাটৰ ছাত্ৰ সমাজে ৷  গোলাঘাট জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰৰ অনুষ্ঠান “ইকুইনস্ক”ৰ উদ্যোগত আৰু গোলাঘাটৰে শৈক্ষিক অনুষ্ঠান “লাৰনাৰ্চ হাব” আৰু “সঞ্জীৱনী মেডিক’জ”ৰ সহযোগত বোকাখাট সমষ্টিৰ অতি ভিতৰুৱা বান বিধস্ত অঞ্চল বৰবালি গাঁৱত দুই শতাধিক পৰিয়ালক বান সাহায্য প্ৰদান কৰিলে। অতি দৰিদ্ৰ এইসকল বানাক্ৰান্তক খাদ্য সামগ্ৰীৰ লগতে মাস্ক, চেনিটেৰী নেপকিন, শিশু খাদ্য,কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে ৷ উল্লেখ্য যিসময়ত একাংশ ছাত্ৰ সমাজৰ মাজত যুৱ উশৃংখলতাই দেখা দিছে তেনে সময়ত এইসকল ছাত্ৰৰ পদক্ষেপক সকলোৱে শলাগ লৈছে ৷