Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

৪৮হাজাৰ অতিক্ৰম ৰাজ্যত আক্ৰান্ত ৰোগীৰ সংখ্যা 

২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত ২৮৮৬ গৰাকী

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যত পুনৰ আক্ৰান্ত  ২৮৮৬ গৰাকী। নতুনকৈ আক্ৰান্তৰ ৫৫০ গৰাকী গুৱাহাটী মহানগৰৰ , ২৯৪ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ২০১ গৰাকী ডিব্ৰুগড়ৰ, ২১৩ গৰাকী নগাঁৱৰ ।মঙলবাৰে ৰাজ্যত ৯৯৩ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। ৰাজ্যত মঙলবাৰে পুনৰ মৃত্যু ৬ গৰাকী।

 

৩৪ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৪৮,১৬১ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৪,৪২১ গৰাকী। বৰ্তমান ৰাজ্যত ১৩,৬২২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১১৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৫৯,০৬৪ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। মঙলবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.৮৬ শতাংশ।