Local, Vocal, Global

অসমৰ বানাক্ৰান্তলৈ দেশৰ বিখ্যাত খেলুৱৈসকলৰ মহানুভৱতা

অসমৰ বানাক্ৰান্তলৈ দেশৰ বিখ্য়াত খেলুৱৈসকলৰ মহানুভৱতা। বেট-বল-জাৰ্ছি-ৰেকেট নিলাম কৰিব কোহলি-ছানিয়া-ৰাহুল-কুলদীপ-হৰমন-শুভমন-ঋদ্ধিমানে।

কেৱল ঘোষণাতে সীমাবদ্ধ নাথাকি অসম আৰু বিহাৰৰ বানাক্ৰান্তক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে বেট-বল-জাৰ্ছি-ৰেকেট নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বহুকেইজন ভাৰতীয় খেলুৱৈ। কোহলি আৰু তেওঁৰ পত্নী অসম আৰু বিহাৰৰ বন্য়াৰ্তক সহায় কৰিবৰ বাবে দেশবাসীক আহ্বান জনাইছিল । ইয়াৰ পাছতে বানাক্ৰান্তক সহায় কৰিবলৈ একগোট হৈছো বুলি টুইটাৰত মন্তব্য কৰে। সেই মৰ্মে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি সাজু হৈছে তেওঁৰ বহুকেইখন সফল মেচত ব্যৱহাৰ কৰা নিজৰ স্বাক্ষৰ থকা দুখনকৈ বেট নিলাম কৰিবলৈ। ঋদ্ধিমান সাহাই টেষ্ট মেচত পৰিধান কৰা জাৰ্ছি স্বাক্ষৰ নিলাম কৰিব। কুলদীপ-যাদেব আকৌ নিজৰ হেটট্টিক অৰ্জন কৰা বল নিলাম কৰিবলৈ সাজু হৈছে। য়ুযবেন্দ্ৰ চহলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচ উইকেট দখল কৰা বলটো নিলাম কৰিব বুলি ঘোষণা কৰে। বিস্ফোৰক বেটচমেন কে এল ৰাহুলে আই পিএলত দ্ৰুত অৰ্ধ শতক অৰ্জন কৰা মেচত ব্য়ৱহাৰ কৰা বেটখন নিলাম কৰিব বুলি ঘোষণা কৰিছে। আনফালে যুৱ ক্ৰিকেটাৰ শুভমন গীলে তেওঁৰ টেষ্ট জাৰ্ছি নিলাম কৰিব বুলি জনায়। ভাৰতীয় টেনিচ তাৰকা ছানিয়া মিৰ্জাই অষ্ট্ৰেলিয়া অপেনৰ ওমেন ডাবলচ ২০১৬ ব্যৱহাৰ কৰা ৰেকেটখন নিলাম কৰিব ।

ভাৰতীয় খেলুৱৈসকলৰ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ কথা উপলব্ধি কৰাৰ উপৰিও বন্যাৰ্তক সহায়ৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ নিসন্দেহে প্ৰশংসনীয়।