Local, Vocal, Global

অৱশেষত আৰক্ষীৰ জালত পৰিল পত্নীক নিৰ্যাতন কৰা স্বামী মদন তাঁতী

নুমলীগড়ৰ আৰক্ষীৰ জালত পত্নীক নিৰ্যাতনকাৰী মদন তাঁতী। বৃহস্পতিবাৰে নিশা সুৰাৰ ৰাগীত মাতাল হৈ মদন তাঁতীয়ে নিজ পত্নীক প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ আহিছিল দৈগ্ৰোঙ নদীৰ বোকাত। ওৰে নিশা বোকাত পোত গৈ থাকি বৰ্তমানেও মৃত্যুৰ সৈতে যুঁজি আছে নুমলীগড়ৰ পাৰ্বতীপুৰৰ পুতপুতি তাঁতী নামৰ মহিলাগৰাকীয়ে। ঘটনা সংঘটিত কৰি গাঁৱৰ এঘৰত আত্মগোপন কৰি আছিল নিৰ্যাতনকাৰী স্বামীয়ে। গাঁৱৰ ৰাইজে আটক কৰি উত্তম-মধ্যম দিয়াৰ লগতে গতাই দিয়ে নুমলীগড় আৰক্ষীক।

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি স্বৰূপে সংঘটিত হৈছিল এই ঘটনা। পাৰিবাৰিক কন্দল আৰু সুৰাৰ ৰাগীত মাতাল স্বামীৰ নিৰ্যাতনৰ বলি পুতপুতি তাঁতী মহিলাগৰকী। বৃহস্পতিবাৰে নিশাৰে পৰাই শুক্ৰবাৰে পুৱালৈ বোকাত পোত গৈ মহিলাগৰাকীক উলংগ অৱস্থাত প্ৰত্যক্ষ কৰি একাংশ মানৱ দৰদী লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মহিলাগৰাকী।