Local, Vocal, Global

বঙাইগাঁও জিলাত শাওনমহীয়া বানৰ তাণ্ডৱ। মথাউৰিতে মানুহ আৰু পোহনীয় জীৱকুলৰ সহঅৱস্থান

ৰাজ্যত শাওনমহীয়া বানৰ তাণ্ডৱ। ক্ৰমাগত বহুকেইটা বানে ৰাজ্যবাসীক জুৰুলা কৰাৰ পাছত বঙাইগাঁও জিলাত আই নৈয়ে পুনৰ ধাৰণ কৰিছে কালৰূপ। ফেনে-ফুটুকাৰে বাঢ়িছে নৈখনৰ জলপৃষ্ঠ, ফলত প্লাৱিত হৈ পৰিছে ভালেসংখ্যক গাঁও। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অৰ্ন্তগত কাছাৰিপেতি গাঁও পঞ্চায়তৰ প্ৰায় সংখ্যক গাঁও বৰ্তমান পানীৰ তলত। কাছাৰিপেতি ১,২,৩ নং গাঁৱকে ধৰি আমবাড়ি,বাৰেগড় আদি ভালেকেইখন গাঁৱৰ বাসিন্দা আশ্ৰয় ল’ব লগা হৈছে মথাউৰিত। আনফালে সৃজনগ্ৰামৰ চিল্লাপাৰা প্ৰথম খণ্ডৰ পৰা আমবাড়ী লৈ যোৱা মথাউৰিটো আই নৈৰ গৰাখহনীয়াই খহাই লৈ যোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে। আশ্ৰয়, খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত। খাদ্য সংকটত ভুগিছে পোহনীয়া জীৱ-জন্তু। মথাউৰিতে মানুহ আৰু পোহনীয় জীৱ-জন্তু সহঃঅৱস্থান কৰিব লগা হৈছে।

কিন্তু ৰাইজৰ দুৰ্দশাৰ সময়ত বৰ্তমানেও নিৰ্বিকাৰ জনপ্ৰতিনিধি। শুক্ৰবাৰে বানাক্ৰান্তৰ কাষত থিয় দিয়ে কংগ্ৰেছৰ মহিলা শাখাৰ এগৰাকী সদস্যা। চৰকাৰ তথা জিলা প্ৰশাসনক বানাক্ৰান্তৰসকলৰ লগতে পশুধনৰ খাদ্যৰ ব্যৱস্থা আৰু ট্ৰিপাল যোগান ধৰিবলৈ আহ্বান জনায়।