সৃষ্টিসম্ভৱা পথাৰৰ আখৰা ! হালোৱা-ৰোৱনীৰ কিৰীলিত জীপাল শাওণৰ পথাৰ
উশাহ ঘূৰাবলৈ সময় নোহোৱা ব্যস্ততা। শাওণ মানেই ব্যস্ততা। ৰ’দ আৰু বৰষুণত দেহা ক’লা পৰি যোৱা মাহেই পৰিশ্ৰমৰ শাওণ মাহ। শাওণৰ আছে নিজস্ব বৈশিষ্ট্যতা, সোণোৱালী সপোন। যি সপোনত আছে সৃষ্টিসম্ভৱা।
এফালে বানে বিধ্বস্ত কৰি থৈ গৈছে সমগ্ৰ ৰাজ্য, আনফালে ব্যস্ততা বাঢ়িছে চহা কৃষকৰ। শাওণৰ পথাৰত এতিয়া সৃষ্টিৰ বীজ ৰোপণ কৰাৰ সময়। বোকাময় পথাৰত কঁঠীয়া ৰোৱাৰ সময় এইয়া। বানপানীৰ বাবে কিছু পলমকৈ হ’লেও এতিয়া কৃষকে পথাৰত আৰম্ভ কৰিছে ন’ ভূঁই ৰোৱা। পথাৰৰ আলিতেই তৰাপুলি এজোপা নাইবা ক’লা কঁচু এজোপা ৰুই তামোল-পাণ এযোৰ দি লখিমী নদন-বদন হৈ উঠিবলৈ মনত প্ৰাৰ্থনা কৰি গৃহস্থই প্ৰথম গোজ ৰোৱাৰ পিছতে ৰোৱণীয়ে ন’ ভূঁই ৰুবলৈ আৰম্ভ কৰে।
সময় বাগৰিছে। যান্ত্ৰিক যুগত এতিয়া গৰুৰ হাল পাবলৈ নাই যদিও ট্ৰেক্টৰে হাল বাই বোকা কৰি তোলা হয় পথাৰ। হাঁহি-খিকিন্দালিৰ মাজেৰেই এতিয়া ৰোৱণীৰ মুখেৰে ওলাই আহে বিহুনাম। বাদ পৰি যোৱা নাই চৰাইদেউ জিলাৰ কৃষক সমাজ। চৰাইদেউ জিলাৰ মাহমৰা জাপিধৰা গাঁৱত পথাৰত দেখা গ’ল ন’ ভূঁই ৰোৱাৰ পৰ্ব। গৰুৰ হালে হাল বাই-মৈয়াই বোকা কৰা পথাৰত হালোৱা-ৰোৱণীক চাহ-জলপানৰ যোগান ধৰা পৰম্পৰা যেন এতিয়াও জীয়াই আছে শাওণৰ পথাৰত। অকণমান দেওৰসৰ তৃপ্তিৰে পথাৰত কাম কৰাৰ আছে সুকীয়া মাদকতা। এতিয়াও হেৰাই যোৱা নাই হাওঁৰি পৰম্পৰা। এই পৰম্পৰাই এক অৰ্থত চহা জীৱনৰ সম্প্ৰীতিৰ বান্ধোন।