Local, Vocal, Global

সাৱধান! হাজোত ডেগাৰ মেনৰ সন্ত্ৰাস

হাজোৰ ধৰ্মীয় স্থানৰ আশে পাশে নিশা ঘূৰি ফুৰে ডেগাৰ মেন। ডেগাৰ মেনৰ আতংকত ত্ৰস্তমান হাজোবাসী। হাতত চোকা অস্ত্ৰ পকেটত নিচাযুক্ত দ্ৰব্য লৈ কামেশ্বৰ মন্দিৰৰ পাহাৰ আৰু কেদাৰ মন্দিৰৰ পাহাৰত পিয়াপি দি ফুৰে ডেগাৰ মেন। বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সদস্যৰ অভিযানত আটক হল এজন ডেগাৰ মেন ৰিজুল হক। ধৰ্মীয় উপাসনা স্থলীৰ সমীপতে নিশাৰ নিৰিবিলি পৰিবেশত  ৰিজুল হক আৰু একাংশ যুৱকে পাতিছিল ড্ৰাগছৰ আড্ডা। তেনেতে বজৰং দলৰ সদস্যৰ হাতত ধৰা পৰে   ডেগাৰ মেন। বজৰং দলৰ সদস্যই  ৰিজুলক আটক কৰিবলৈ সক্ষম হয় যদিও পলাই সাৰিল কেইবাজনো যুৱক। বেলি ডুব যোৱাৰ পাছতেই তীৰ্থ নগৰী হাজোৰ মঠ মন্দিৰৰ সমীপতে নিচাযুক্ত দ্ৰব্য সেৱন কৰি বিভিন্ন অপৰাধ চুৰি ডকাইতি সংঘটিত কৰে এই চক্ৰটোৱে। নিশা ঐতিহাসিক কামেশ্বৰ মন্দিৰৰ পাহাৰত ড্ৰাগছৰ আড্ডা পতা ডেগাৰ মেন ৰিজুলে আক্ৰমণ কৰিবলৈ উদ্দ্যত  হৈছিল বজৰং দলৰ কৰ্মীকো। অৱশেষত হাজোৰ ৰিজুল হকক আৰক্ষীক গতাই দিলে বজৰং দলৰ সদস্যই।