Local, Vocal, Global

নৃত্য প্ৰদৰ্শন কৰি জগত জীনাৰ সপোন ক্ৰিসৰ

নৃত্য প্ৰদৰ্শন কৰি জগত জীনাৰ সপোন গহপুৰৰ এজন যুৱকৰ। নাম তেওঁৰ ক্ৰিস দাস। গহপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ ভিতৰৰ নয়া ঘগৰা চাহ বাগানৰ দেৱেন দাস আৰু ৰীণা দাসৰ পুত্ৰ ক্ৰিস দাস। ২০১৮ বৰ্ষত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল ক্ৰিস দাসে। ভিন-ভিন সংগীতৰ লহৰত নৃত্য প্ৰদৰ্শন কৰি বহু ব্যক্তিৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দূৰদর্শনৰ বিভিন্ন অনুষ্ঠানৰ পৰা নৃত্যবিদ্যা আয়ত্ব কৰি ক্ৰিস দাসে বৰ্তমান সামাজিক মাধ্যমত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান ফেচবুকৰ বহুকেইটা পেজত বহু মিলিয়ন দৰ্শকে তেওঁৰ নৃত্য চাই আপ্লুত হৈছে।

বিগত ১৫ বছৰ ধৰি ঘৰতে নৃত্য চৰ্চা কৰি ভাৰতৰ লগতে অসমৰ  বিভিন্ন স্থানত অনুষ্ঠিত হোৱা নৃত্য প্রতিযোগিতাত ভাগ লৈ সফলতা অৰ্জন কৰি আহিছে ক্ৰিস দাসে। ২০১৬ চনত অনুষ্ঠিত হোৱা “DID” ত Frame puduction Round, “Dance plus season-4” ২০১৮ত Frame Production Round, “Just dance India season-2″ত Mega Audision, আৰু “NorthEast Got Talent -২০১৭” ত চেমি ফাইনেলিষ্ট হৈছিল।