Local, Vocal, Global

আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিলে নগাঁৱৰ চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই

পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডে’ নেটৱৰ্ক”-এ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ “আৰ্থ ডে’ নেটৱৰ্ক ষ্টাৰ” শীৰ্ষক সন্মান। চলিত বৰ্ষৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰতে অন্যতম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ দুলু বৰায়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মানটি। দুলু বৰাই বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ, হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা কৰা তথা বহু সৰুৰে পৰা বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ লগত জড়িত হৈ জীৱনযোৰা সাধনাৰ ওপৰত ভিত্তি কৰি সংস্থাটোৱে প্ৰদান কৰিছে এই বিষয়ে সন্মানটি। উল্লেখযোগ্য যে, “গ্ৰীণ গাৰ্ড নেচাৰ অৰ্গেনাইজেছন”ৰ এজন বিশেষ সদস্য হিচাপে ২০১২ চনত “চেঞ্চুৰী এছিয়া”-এ “টাইগাৰ ডিফেণ্ডাৰ”, ২০১৪ চনত “চেঞ্চুৰী নেচাৰ ফাউণ্ডেশ্যন”-এ “ৱাইল্ড লাইভ ছাৰ্ভিচ এৱাৰ্ড” আৰু শেহতীয়াকৈ হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে “হাতীবন্ধু” নামৰ আন এটি স্বেচ্ছাসেৱী সংস্থাৰ এজন সদস্য হিচাপে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি ৰংহাং গাঁৱৰ ৰাইজে কৰা কৃষিকাৰ্য্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ২০১৯ চনত মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালে প্ৰদান কৰা “মুখ্যমন্ত্ৰী সামুহিক কৰ্ম বঁটা” ইতিমধ্যেই লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক দুলুৱে। ইফালে এইবাৰৰ এই বিশেষ আন্তঃৰ্জাতিক সন্মানৰ অধিকাৰী হ’বলৈ পাই বিনোদ দুলু বৰায়ে চৰম সন্তুষ্টি লাভ কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে অনাগত দিনবোৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নীৰৱচ্ছিন্নভাৱে অধিক কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মূখত।