Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা, কিন্তু মহানগৰীত ক্ৰমাৎ হ্ৰাস কৰ’নাৰ সংক্ৰমণ

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

শনিবাৰে ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ১৪৫৭ গৰাকী। নতুনকৈ আক্ৰান্ত ২৭৫ গৰাকী কামৰূপ (মহানগৰৰ) , ১৩৬ গৰাকী ডিব্ৰুগড়।শনিবাৰে ৰাজ্যত ১০৮৫ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। বিগত এসপ্তাহত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ১০ সহস্ৰাধিক লোক।

৩১ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৪১,৭২৬ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩১,৪৪২ গৰাকী। বৰ্তমান ৰাজ্যত ১০,১৮০ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১০১ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ৰাজ্য ২৪ ঘন্টাত ২৭,১৬১ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। শনিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৩৬ শতাংশ।