Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ দেওবাৰৰ দিনটোত ৰাজ্যত পুনৰ আক্ৰান্ত ১৩১৭ গৰাকী। ইয়াৰ বিপৰীতে দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰি ঘৰলৈ ওভতে ১৯২৯ গৰাকী ৰোগীয়ে। কামৰূপ মেট্ৰ’ত আক্ৰান্তৰ সংখ্যা ২৩৩ গৰাকী, কাচাৰৰ ১৬১ গৰাকী আৰু ডিব্ৰুগড়ৰ ১৩৩ গৰাকী।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭৬,৮৭৫ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫৫,২১৫ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৮৯ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২১,৪৬৮ গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ২০,৩৬৭ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৬.৪৬ শতাংশ।