কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা সঞ্জয় দত্ত

দুঃখবৰ! হাওফাও কৰ্কট ৰোগত আক্ৰান্ত বলীউডৰ অভিনেতা সঞ্জয় দত্ত। ৮ জুলাইৰ সন্ধিয়া হঠাৎ অসুস্থ হৈ চিকিৎসাধীন হ’ব লগা হৈছিল বলীউডৰ জনপ্ৰিয় সঞ্জয় দত্তই। প্ৰথম অৱস্থাত শ্বাস-প্ৰশ্বাসত অসুবিধা পাইছিল অভিনেতাগৰাকীয়ে। ৮ জুলাইত ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰাৰ পিছত ICUলৈ প্ৰেৰণ কৰে চিকিৎসকে। প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসকে ক’ভিড টেষ্ট কৰে যদিও ক’ভিড ফলাফল নিগেটিভ হয়।
কিন্তু শেহতীয়া খবৰ অনুযায়ী সঞ্জয় দত্ত হাওফাও কৰ্কট ৰোগত আক্ৰান্ত। জানিব পৰা মতে সঞ্জু বাবাৰ হাওফাও কৰ্কট ৰোগৰ তৃতীয় পৰ্যায়ৰ অৱস্থাত আছে। ইতিমধ্যে মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসকৰ দলে সঞ্জু বাবাক উন্নত চিকিৎসাৰ বাবে তৎকালীনভাৱে আমেৰিকালৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
সঞ্জয় দত্তৰ কৰ্কট আক্ৰান্ত হোৱাৰ খবৰৰ পিছতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে সঞ্জু বাবাক মানাসিকভাৱে মনোবল বৃদ্ধি কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ২০১১ চনত বিশ্বকাপৰ সময়ত মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং।