Local, Vocal, Global

তিনি সপ্তাহৰ লকডাউনৰ পিছতো মহানগৰীত হ্ৰাস নহ’ল কৰ’নাৰ সংক্ৰমণ

লকডাউনতো হ্ৰাস নহ’ল মহানগৰীত কৰ’নাৰ সংক্ৰমণ। ৰাজ্যত প্ৰতিদিনে ভয়ংকৰ আৰু উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কাল কৰ’নাৰ সংক্ৰমণ। ৰবিবাৰে দিনটোত ৰাজ্যত পুনৰ ১০১৮ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ আক্ৰান্তৰ ৫৭৭ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ। ইয়াৰ বিপৰীতে ৰবিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ৮৫৮ গৰাকী ৰোগীয়ে।
বিগত তিনি দিন ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৩ সহস্ৰাধিক লোক। তিনি সপ্তাহৰ লকডাউনৰ পিছতো বিগত সপ্তাহত মহানগৰীত আক্ৰান্ত ৪ সহস্ৰাধিক লোক। ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৩,৯৯৯ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৬,০২৩ গৰাকী। বৰ্তমান ৰাজ্যত ৭,৯১৬ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৫৭ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে।
উল্লেখ্য যে অসমত বৰ্তমানলৈ ৬লাখ ৫১ হাজাৰ ১৭৯ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন হৈছে।