Local, Vocal, Global

Assam Congress chief writes to CM Himanta Biswa Sarma over death of party worker :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

নিউজ ডেস্ক,২১ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পত্ৰখনৰ যোগেদি ভূপেন বৰাই মৃদুল ইছলামৰ পত্নীক তেওঁৰ শিক্ষাগত অৰ্হতা অনুসৰি চাকৰি দিয়াৰ বাবে আহ্বান জনাই(Assam Congress chief writes to CM Himanta Biswa Sarma over death of party worker)।

পত্ৰযোগে ভূপেন বৰাই মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়,

“আপুনি অৱগত যে এজন যুৱ আৰু প্ৰতিশ্ৰুতিশীল অধিবক্তা মৃদুল ইছলামৰ কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ কঠোৰতাৰ বাবে মৃত্যু হয় । এই কথা সেইসময়ত ঘটনাস্থলীত উপস্থিত থকা অসংখ্য সংবাদ মাধ্যমৰ দ্বাৰা প্ৰমাণিত হ’ব, মৃদুল ইছলামৰ কৰুণ মৃত্যু অসম আৰক্ষীৰ দ্বাৰা বলপ্ৰয়োগৰ প্ৰত্যক্ষ ফলাফল ।

আমাৰ ৰাজনৈতিক পাৰ্থক্য যিয়েই নহওঁক, এজন ৰাজনৈতিক কৰ্মীৰ গণতন্ত্ৰৰ সেৱাত মৃত্যু হোৱাৰ ঘটনা ডাঙৰ বিষয় । মৃদুল ইছলামে তেওঁৰ নিবনুৱা বিধৱা পত্নী হামিদা পাৰবিন আৰু দুটি সৰু ল’ৰা-ছোৱালী এৰি গৈছে । সেয়েহে সহানুভূতিৰ ভিত্তিত মই আপোনাক হামিদা পাৰবিনক তেওঁৰ গৃহ জিলা কামৰূপ গ্ৰাম্যত তেওঁৰ শিক্ষাগত অৰ্হতা তথা যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি এটা দিয়াৰ বাবে অনুৰোধ জনাইছো ।

তেখেতৰ শিক্ষাগত অৰ্হতা হৈছে যে তেখেত উচ্চতৰ মাধ্যমিক (কলা শাখা) পৰীক্ষা উৰ্ত্তীণ । মই আপোনাৰ পৰা ইতিবাচক সঁহাৰি পাবলৈ বাট চাই আছো । মই ব্যক্তিগতভাৱে কৃতজ্ঞ হ’ম যদি আপুনি এগৰাকী শোকাৰ্ত বিধৱাৰ প্ৰতি আপোনাৰ সহানুভূতি প্ৰদৰ্শন কৰে ।”

উল্লেখ্য যে, বুধবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজভৱন যাত্ৰা কাৰ্যসূচী কংগ্ৰেছৰ সেই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল মৃদুল ইছলামে । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনা কৰিছিল । য’ত আহত আৰু অসুস্থ হৈ পৰিছিল মৃদুল ইছলাম ।

মৃদুল ইছলামক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত তেঁওৰ মৃত্যু হয় । আৰক্ষীয়ে অত্যাধিক কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বাবেই মৃদুল ইছলামৰ মৃত্যু হোৱা বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰাৰ লগতে ঘটনা সন্দৰ্ভত সিদিনাই লতাশিল থানাত এজাহাৰ দাখিল কৰে। আনহাতে প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামক শ্বহীদ ঘোষণা কৰিছে।

লগতে পঢ়ক :Woman injured in leopard attack:কলিয়াবৰত ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত মহিলা শ্ৰমিক