Assam CM Himanta Biswa Sarma instructs DGP to register case against Rahul Gandhi : ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ; DGP জি পি সিঙক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিউজ ডেস্ক, ২৩ জানুৱাৰী : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ সামজিক মাধ্যমত টুইট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতৰ প্ৰতি লক্ষ্য কৰি মুখ্যমন্ত্ৰীৰ টুইট(Assam CM Himanta Biswa Sarma instructs DGP to register case against Rahul Gandhi) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘X’ত লিখে ‘‘এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। আমি এখন শান্তিপূৰ্ণ ৰাজ্য। এনে “নক্সালীয় কৌশল” আমাৰ সংস্কৃতিৰ বাবে অচিনাকি। মই অসম আৰক্ষীৰ DGPক গোচৰ ৰুজু নিৰ্দেশ প্ৰদান কৰিছো। ৰাহুল গান্ধীয়ে সমৰ্থক উত্তেজিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নিৰ্দেশ প্ৰদান কৰিছো’’(Himanta Biswa Sarma directs DGP to register case against Rahul Gandhi for ‘provoking’ crowd)।

উল্লেখ্য যে, আজি যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা । ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়তে খানাপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ কংগ্ৰেছ সমৰ্থকে। আৰক্ষীৰে সৈতে একাংশ কংগ্ৰেছ কৰ্মীয়ে হতাহতিত লিপ্ত হয়(CM Sarma directs police to register case against Rahul Gandhi as his supporters break barricades in Guwahati) ।
এই ঘটনাৰ পিছেত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Assam CM directs police to file case against Rahul Gandhi for ‘provoking crowd’)।
লগতে পঢ়ক : ED summons Jharkhand CM : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ EDৰ চমন