Local, Vocal, Global

Assam CM Himanta Biswa Sarma:‘পাকিস্তানৰ আলি শ্বেখ নামৰ ব্যক্তিজনৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰৰ তথ্য পোৱা গৈছে’:মুখ্যমন্ত্ৰী

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : দেওবাৰে অসম কেবিনেটত বিস্তৃত ৰূপত আলোচনা সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ সন্দৰ্ভত।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma)।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ,‘পাকিস্তানৰ আলি তৌকীৰ শ্বেখ নামৰ ব্যক্তিজনৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰৰ তথ্য পোৱা গৈছে।’ আলি শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ DGPক নিৰ্দেশ দিয়ে অসম কেবিনেটে। অসমৰ লগতে ভাৰতত আলি শ্বেখৰ নেটৱৰ্কৰো তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

তেওঁ কয়, ‘তদন্তৰ সময়ত ভাৰত চৰকাৰৰ নিৰাপত্তা সংস্থায়ো সহযোগিতা আগবঢ়াব। বিষয়টোৰ তদন্তৰ বাবে অসম আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে কেবিনেটে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি- এলিজাবেথ গগৈৰ ভিজাও পৰীক্ষা কৰিব আৰক্ষীয়ে। পাকিস্তানী আলি শ্বেখৰ NGOত কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে।
ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি এই বিষয়টো তদন্তৰ বাবে অসম আৰু ভাৰতৰ তদন্তকাৰী সংস্থাক দায়িত্ব দিব বুলি সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লগতে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথক তদন্তত সহযোগিতা আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়(Assam CM ramps up attack on MP Gaurav Gogoi)।

লগতে পঢ়ক :