assam CM Election Campaign in Bongaigaon : বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
নিউজ ডেস্ক,৪মে’ : তীব্ৰতৰ বৰপেটা লোকসভা সমষ্টিত শাসকীয় বিজেপিৰ নিৰ্বাচনীয় প্ৰচাৰ । শনিবাৰে বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বঙাইগাঁও চহৰৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনীয় প্ৰচাৰ । নিৰ্বাচনীয় প্ৰচাৰ সভাত উপস্থিত কৰ্মী-সমৰ্থকৰ সৈতে নাচিলেও মুখ্যমন্ত্ৰীয়ে(assam CM Election Campaign in Bongaigaon) ।
প্ৰচাৰ সভাৰ অংশগ্ৰহনৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত । তেওঁ প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব । বিজেপি মিত্ৰজোঁটে ১২-১৩ খন আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিবোৰৰ ভিতৰত বৰপেটা লোকসভা সমষ্টি অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সন্মুখত আছে চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ । চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীৰো সমষ্টিটোত ব্যাপক জনপ্ৰিয়তা আছে । ইফালে আছে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে দীপ বায়ন । এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতে মূল প্ৰতিযোগিতা হ’ব বুলি একাংশই ধাৰণা কৰিছে ।