Local, Vocal, Global

Watch | Assam CM did not keep his promises: কথা দি কথা নাৰাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী: প্ৰায় ১ টা বছৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগৰবেৰাৰ DBRPপাৰঘাটত পকী দলং নিৰ্মাণৰ উদ্দেশ্যে কৰিছিল এক বৃহৎ ঘোষণা ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰায় ১ টা বছৰ পাৰ হোৱাৰ পাছতো নগৰবেৰাৰ DBRPপাৰঘাটত জলজলীৰ ওপৰত নিৰ্মান কৰা নহল পকী দলং।দলং নিৰ্মাণৰ কথা বাদেই দিয়ক আজিকোপতি দেখা নগল লোক নিৰ্মাণ বিভাগৰ নূন্যতম কুচকাৱাজো।


উল্লেখ্য যে,যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোনতলীৰ নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচন শেষ হ’ব ৭ তাৰিখে,আৰু ৮ তাৰিখেই নগৰবেৰাৰ DBRP পাৰঘাটলৈ যাব অভিযন্তা। আৰু তাৰ কিছুদিনৰ পাছতে নিৰ্মান কৰা হব পকী দলং।কিন্তু অসাৰ প্ৰতিপন্ন হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি।পিছে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনী টোপ হৈ ৰল।আজিকোপতি নহল দলং।

সেয়ে ক্ষোভিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।কিয়নো অৰ্ধশতাধিক ৰাইজে দলংৰ অভাৱত যমৰ যাতনা ভোগ কৰি অধিক ভাড়া ভৰি পাৰ হব লাগে জলজলী নদী। শীঘ্ৰেই এই স্থানত এখন পকী দলং নিৰ্মান কৰি বৰপেটা আৰু কামৰূপৰ প্ৰায় লক্ষাধিক ৰাইজৰ অন্যতম জলন্ত সমস্যা সমাধান কৰিবলৈ ৰাইজে দাবী জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।