গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

নিউজ ডেস্ক, ১৫ আগষ্ট : আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ (Vaterinary College)ফিল্ডত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলী কাননত দেশৰ হৈ যুঁজ দি প্ৰাণ ত্যাগ কৰা স্বাধীনতা সংগ্ৰামীসকলক পুষ্পাঞ্জলি জ্ঞাপন কৰে।
আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই ‘হৰ ঘৰ তিৰঙ্গা’ অভিযান সফল কৰাৰ বাবে অসমৰ সকলো লোকক ধন্যবাদ জনাইছিল।
ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই আজি পুৱা স্বাধীনতা দিৱস উপলক্ষে টুইটাৰ যোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
টুইটাৰযোগে তেওঁ লিখিছে, “#IndependenceDay2022ৰ বাবে নাগৰিকসকলক মোৰ আন্তৰিক শুভেচ্ছা। আমি ভাৰতীয়ত্ব আৰু #AzadiKaAmritMahotsav উদযাপন কৰোঁ। মই এই সুযোগত আমাক আমাক স্বাধীনতা প্ৰদান কৰা সকলৰ বীৰত্বক অভিবাদন জনাইছো। যোৱা ৭৫ বছৰত আমি আগবঢ়োৱা বৃহৎ পদক্ষেপৰ বাবে মই আনন্দিত।”