Local, Vocal, Global

স্বাধীনতা দিৱসৰ দিনটোতে দুলং বনাঞ্চলত সংঘটিত হৈছে এক শোকাবহ ‌ঘটনা

নিউজ ডেস্ক, ১৫ আগষ্ট : সমগ্ৰ দেশে স্বাধীনতা দিৱস উৎযাপন কৰি থকাৰ দিনটোতে দুলং বনাঞ্চলত সংঘটিত হৈছে এক শোকাবহ ‌ঘটনা। Dulong forest rangeৰ বাসিন্দাসকলক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছত লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত পৰিস্থিতি হিংসাত্মক হৈ পৰে।

বাতৰি অনুসৰি, অৰুণাচলৰ দুৰ্বৃত্তৰ এটা ৪০ জনীয়া দলে দুলঙৰ বহু লোকক আক্ৰমণ কৰিছিল। ঘটনাটোত অঞ্চলটোৰ প্ৰায় ১২ জন স্থানীয় বাসিন্দা আহত হৈছে।

উল্লেখ্য যে, দুৰ্বৃত্তই সাধাৰণ জনতাক আক্ৰমণ কৰিবলৈ ৰডসহ বহুতো চোকা অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

অৱশ্যে, ঘটনাটোৰ অধিক বিৱৰণ বৰ্তমানেও পোহৰলৈ অহা নাই।