আজি ৭৫তম স্বাধীনতা দিৱস
নিউজ ডেস্ক, ১৫ আগষ্ট :
তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে,
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে ।
বগাৰ মাজত অশোক চক্ৰ
চিত্ৰ জিলিকি ৰয়,
আমাৰ জাতীয় পতাকা খনিৰ
কদাপি নহয় ক্ষয় ।
আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। চাৰিওফালে স্বাধীনতা দিৱস উপলক্ষে দোকান পোহাৰ ভৰি পৰিছে জাতীয় পতাকাৰে। স্বাধীনতা দিৱস উপলক্ষে দেশ, অসমৰ লগতে মহানগৰীৰ প্ৰতিটো প্ৰান্ত জাতীয় পতাকাৰ তিনিওটা ৰঙেৰে ৰঙীন হৈ পৰিছে।
স্বাধীনতা দিৱস উপলক্ষে প্ৰাণ পাই উঠিছে দেশৰ প্ৰতিটো প্ৰান্তই ।
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘আজাডী কা অমৃত মহোৎসৱ’ৰ। আজাডী কা অমৃত মহোৎসৱৰ এটা কাৰ্য্যসূচী হৈছে ‘হৰ ঘৰ তীৰংগা’। গাড়ী, ঘৰ, দোকান, ৰাজপথ সকলোতে উৰিছে তিনি বৰণীয়া জাতীয় পতাকা।
জাতীয় পতাকাৰ তিনিটা ৰংৰ তাৎপৰ্য –
গেৰুৱা: গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক।
শুকুলা: শুকুলা অৰ্থাৎ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক।
শ্যামল: শ্যামল অৰ্থাৎ সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক ।
জাতীয় পতাকাৰ মাজত ২৪ ভাল দণ্ডৰে সৈতে জিলিকি থকা অশোক স্তম্ভৰ প্ৰতিদাল দণ্ডই কি অৰ্থ বহন কৰে সেই বিষয়ে আপুনি জানে নে?
১/ ধৈৰ্য
২/ আৰোগ্য
৩/শান্তি
৪/ ত্যাগ
৫/ অনুশাসন
৬/ সেৱা
৭/ ক্ষমা
৮/ ভালপোৱা
৯/ মৈত্ৰী
১০/ বন্ধুত্ব
১১/ সংগঠন
১২/ কল্যাণ
১৩/ সমৃদ্ধি
১৪/ উদ্যোগ
১৫/ সুৰক্ষা
১৬/ নিৰাপত্তা
১৭/ নিয়ম
১৮/ সমতা
১৯/ অৰ্থ
২০/ নীতি
২১/ ন্যায়
২২/ সহকাৰ্য্য
২৩/ কৰ্তব্য
২৪/ অধিকাৰ
পতাকা খনে আমাৰ দেশক বিশ্বৰ আগত প্ৰতিনিধিত্ব কৰে । পতাকা খনক সন্মান প্ৰদৰ্শন কৰাটো আমাৰ সকলো নাগৰিকৰে মৌলিক কৰ্তব্য । পতাকা খন আমি মাটিত পেলাই,ডাষ্টবিনত পেলাই,টেবুলত পাৰি অপমান কৰিব নোৱাৰোঁ । স্বাধীনতাৰ ৭৫ বছৰ পাছতো যদি আমি জাতীয় পতাকা খনক সন্মান প্ৰদৰ্শন কৰিব নাজানো এইটো অতি দুখৰ আৰু লাজৰ কথা । কোনোবাই যদি ভুল কৰিছে তেওঁক শুধৰাই দিয়ক । ভূল সমূহ শুধৰাই দিয়াৰ দায়িত্ব লওক,জাতীয় পতাকা খনৰ অপমান হব নিদিয়াৰ দায়িত্ব লওক ।