Local, Vocal, Global

Assam Budget 2024-25 : সংক্ষেপতে বিত্তমন্ত্ৰী অজন্তা নেওগৰ অসম বাজেট-২০২৪

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : আজি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৪-২৫ বৰ্ষৰ অসম বাজেট(Assam Budget 2024-25)। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন পূৰ্ণাংগ বাজেটত সন্নিৱিষ্ট একাধিক গুৰুত্বপূৰ্ণ আঁচনি।এয়া অসম বাজেট-২০২৪ৰ সংক্ষিপ্ত আভাস( Key Highlights From Ajanta Neog’s Budget Speech)-

২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ প্ৰকৃত মূঠ ঘৰুৱা উৎপাদন স্থিৰ মূল্যত ৩.০১ লাখ কোটি টকাৰ বিপৰীতে ৫.৯ % হাৰত বিকাশেৰে ২০২৩-২৪ বৰ্ষত ৩.১৯ লাখ কোটি টকালৈ বৃদ্ধি পাব ।

২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মূঠ ঘৰুৱা উৎপাদন ৬.৩৯ লাখ কোটি টকালৈ বৃদ্ধি পাব ।

ৰাজ্যিক জনমূৰি আয় ২০২২-২৩ বিত্তীয় বৰ্ষৰ ১ লাখ ২০ হাজাৰ ৩৩৬ টকাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ১ লাখ ৩৫ হাজাৰ ৭৮৭ টকালৈ বৃদ্ধি পাব ।

বিগত ৫ বছৰত বহিঃসাহায্য প্ৰাপ্ত প্ৰকল্পৰ অধীনত মূলধনী ব্যয়ৰ বাবে আহৰণ কৰা পূঁজি ৪৩৭ % আৰু গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন পূঁজি ১৭৭ % লৈ বৃদ্ধি ।

ৰাজ্যত বৰ্ত্তমান ৩৫,৫৪০.৫৯ কোটি টকাৰ ১৭ টা প্ৰকল্পৰ কাম চলি আছে আৰু ২০,৬৩৮.৫৯ কোটি টকা ব্যয় সাপেক্ষে ৯ টা বহিঃসাহায্য প্ৰাপ্ত প্ৰকল্পৰ কাম হাতত লোৱা হৈছে ।

যোৱা ৪ বছৰত মূলধনী বিনিয়োগ আঁচনিৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য (SASCI) আৰু ভাৰত চৰকাৰৰ পৰা অসমে লাভ কৰা ৫০ বছৰৰ সূতবিহীন ঋণ ১০ গুণ বৃদ্ধি পাইছে । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৮ ফেব্ৰুৱাৰীলৈ ইয়াৰ অধীনত অসমে মূঠ ১০,০০৬ কোটি টকা লাভ কৰিছে ।

এই বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, অৰুণোদয়, অসম মাইক্ৰ’ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনিকে ধৰি মুঠ ১৮ খন ধ্বজ্জাবাহী আঁচনিৰ ৰূপায়ন অব্যহত ৰখা হৈছে ।

মুখ্যমন্ত্ৰীৰ আৱাস যোজনা (গ্ৰামীণ)- ৰ বাবে বাজেটত ৬০০ কোটি টকা আৱন্টন দিয়া হৈছে ।

অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধিৰ লগতে ইয়াৰ ৰূপায়নৰ বাবে এই বাজেটত ৩,৮০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।

চাহ বাগিচাৰ আৱাসী সকলৰ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বাবদ বাজেটত ১৫০ কোটি টকা ধাৰ্য্য কৰা হৈছে ।

অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি : বৰ্গ-III ৰূপায়নৰ বাবে বাজেটত ৫৫০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে ।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ১,০১০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে ।

২০২৪ বৰ্ষৰ জানুৱাৰী মাহলৈ ৯৪,৫০৬ গৰাকী যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে ।

চলিত বছৰত ‘অমৃত কাল’ ৰ প্ৰত্যাশা পূৰণৰ বাবে ‘অমৃত প্ৰজন্ম’ প্ৰকল্প ।

অসম মালা ২.০ ৰ অধীনত ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সামৰি মাৰ্চ মাহত ৩৫০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হ’ব ।ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ই বৃহৎ ভূমিকা পালন কৰিব ।

অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে চলিত বৰ্ষত ৩ কোটি গছপুলি ৰোপণ কৰা হব ,ইয়াৰ বাবে বাজেটত ৪০ কোটি টকা আৱণ্টন দিয়া হৈছে ।

পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰলৈ ১০ লাখ টকাকৈ অনুদানৰ প্ৰস্তাৱ ।

চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰৱৰ্তী তিনি বছৰত ১০০ কোটি টকা অনুদান ।

পুণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰ গৰাকী তীৰ্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰালৈ নিয়াৰ বাবে ২৫ কোটি টকাৰ আৱণ্টন দিয়া হৈছে ।

চলিত বৰ্ষত ১২৫০ কোটি টকা ব্যয়ৰে আৰু ৫ হাজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ জৰিয়তে ৰাজ্যত ১০ হাজাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ ।

ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে প্ৰতিটো বিধান-সভা সমষ্টিত যুৱ সংঘ গঠন আৰু সৰু সুৰা মেৰামতিৰ বাবে ১৫ লাখকৈ টকা আৱণ্টন । লগতে যোৰহাট আৰু গুৱাহাটীৰ পিছত কোকৰাঝাৰত ২৮.৩০ কোটি টকা ব্যয়ৰে এটা নতুন উচ্চ কাৰ্য্যক্ষম ক্ৰীড়া কেন্দ্ৰ স্থাপন ।

২০২৪ চনৰ ডিচেম্বৰত এখন গোলকীয় বিনিয়োগ সন্মিলন আয়োজনৰ বাবে ২৫ কোটি টকা আৱণ্টন ।

গুৱাহাটীত মূখ্যমন্ত্ৰী সংগ্ৰহালয়ৰ বাবে ৫ কোটি টকা আৱণ্টন।

অসম আৰক্ষীত স্থানীয় অগ্নিবীৰৰ বাবে ১০% পদ সংৰক্ষন ।

দুগ্ধ উৎপাদক সকললৈ ২৫ কোটিৰ ৰাজসাহাৰ্য্য আগবঢ়োৱা হব।

কুকুৰা আৰু কণী উৎপাদকক উদগণি দিবলৈ ২৫ কোটি টকা ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫ কোটি টকা ।

আসাম চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স স্থাপন।

লগতে পঢ়ক : Assam Budget to be presented today : আজি বিধানসভাত দাখিল কৰা হ’ব ২০২৪-২৫ বৰ্ষৰ বাজে