Local, Vocal, Global

ভয়ংকৰ দৃশ্য ! বাঢ়নীপানীত উটি গ’ল এজন ব্যক্তি

পানীত এজন ব্যক্তি উটি যোৱা ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত। বজালীৰ পহুমাৰা নৈৰ পানীৰ ঢলত উটি যোৱা এজনক কোনোমতে ৰক্ষা কৰিলে আন এজনে । এজন সাহসী যুৱকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নৈৰ সোঁতৰ পৰাই উদ্ধাৰ কৰে লোক জনক। বজালীক গহীনপাৰাত মথাউৰি ভঙাৰ ফলত পানীৰ ঢলে খহাই লৈ যায় বামাখাটা কৰ্দৈগুৰি গডকাপ্তানী পথ। বিগত দুটা দিনত পানী শুকুৱাৰ বাবে ভগ্ন পথটোৰে ৰাইজে যাতায়াত আৰম্ভ কৰে। শনিবাৰে সন্ধিয়া পাঠশালাৰ পৰা নিজ গৃহ চেকী গাঁওলৈ সম্ভুনাথ কলিতা নামৰ ৰিক্সাচালকজন। পানী বৃদ্ধি পোৱা পানীৰ ঢলৰ মাজেৰে তেওঁ খোজকাঢ়ি পাৰ হব লঁওতে পানীৰ ঢলত উটি যায় তেও। সেই সময়তে পথটোৰে গৈ থকা সকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। তেনে সময়তে সত্যজিৎ তালুকদাৰ নামৰ পথাচাৰী জনে পানীৰ সোতত জাপ দি ৰিক্সাচালকজনক উদ্ধাৰ কৰে। এই সমস্ত দৃশ্য বন্দী হয় কেমেৰাত।