Local, Vocal, Global

বাঘজানৰ দুৰ্ভগীয়া ৰাইজে আৰম্ভ কৰিছে আমৰণ অনশন কাৰ্যসূচী 

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডই অতিক্ৰম কৰিলে ৬৪ টাকৈ দিন। অইলৰ চূড়ান্ত ব্যৰ্থতাৰ আজিও অনিয়ন্ত্ৰিতৰূপত জ্বলিয়েই আছে বাঘজানৰ ৫নং বিজিআৰ খাদৰ ভয়ংকৰ জুই।

বাঘজানবাসী ৰাইজে যন্ত্ৰনাকাতৰে প্ৰায় দুইমাহ পাৰ কৰিলে। তাৰ পাছতো বাঘজান গাওঁখনৰ সমস্যাসমূহ সমাধানৰ বাবে আজিও চৰকাৰ আৰু অইলে কোনো সিদ্ধান্ত দিব পৰা নাই। কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি, তাৰ বাহিৰে বাঘজানবাসীয়ে একো নাপালে।

মুখ্যমন্ত্ৰী আহিল, আঁচনি ঘোষণা কৰিলে কিন্তু সকলোবোৰ ফুটুকাৰ ফেন হৈ ৰ’ল ৷ এমাহৰ পাছত আধাৰশিলা স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল। উপায়ন্তৰ হৈ বাঘজানবাসীয়ে আমৰণ অনশনৰ কাৰ্যসুচী গ্ৰহণ কৰিলে।