Local, Vocal, Global

Assam Assembly : বিৰোধীক বুঢ়া আঙুলি দেখুৱালে চন্দ্ৰমোহন পাটোৱাৰীয়ে

নিউজ ডেস্ক, ১৪ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিন (Assam Assembly Autumn Session)। ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ ।প্ৰতিদিনে বিৰোধীয়ে নানা প্ৰশ্ন উত্থাপন কৰি উত্তাল কৰি আহিছে সদন(Assam Assembly) ।

প্ৰথম দিনৰ অধিবেশনত বিৰোধীয়ে লোড শ্বেডিঙৰ প্ৰসংগত বিধানসসভা উত্তাল হৈ পৰে আৰু ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷ প্ৰথম দিনাই বিধানসভাৰ বাহিৰত দেখা গ’ল অখিল গগৈক অন্য ৰূপত । হাতত লেম্প আৰু বিচনী লৈ অখিল গগৈ কৰে প্ৰতিবাদ । অধিৱেশনতো মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত চলিল বাকযুদ্ধ ৷

দ্বিতীয় দিনৰ অধিৱেশনত বিৰোধীয়ে ৰাজ্যত আটা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি সদন উত্তাল কৰে ৷ তাৰোপৰি অসম চৰকাৰৰ পোনপটীয়া চাকৰি নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱা বুলি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে তোলা অভিযোগৰ উত্তৰ প্ৰদানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা দেখা যায় ৷ আমিনুল ইছলামৰে গণ প্ৰহাৰ সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ কালতো মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত বাদানুবাদৰ সৃষ্টি হয় ৷ ইফালে অখিল গগৈয়ে সদনত বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ প্ৰসংগ উত্থাপনৰ চেষ্টা কৰা দেখা যায় ৷

তৃতীয় দিনা শিৱসাগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত কৰিব খোজা বিষয়ৰ বিৰোধিতা কৰি বিৰোধী দল কংগ্ৰেছে সদন ত্যাগ কৰে ৷ তাৰ পূৰ্বে শিবামণি বৰাই অসম চুক্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কংগ্ৰেছৰ দিনত অসম আন্দোলনত মানুহক হত্যা কৰা বুলি কৈ বিৰোধীৰ ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী অতুল বৰা ৷

বুধবাৰে মুখ্যমন্ত্ৰীয়ে আকাশী পথেৰে যাত্ৰাৰ ক্ষেত্ৰত কৰা ব্যয়ক লৈ সৰব হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তাৰ মাজতেই অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাছৰ ক্ষেত্ৰত এক উদ্বেগজনক তথ্য পোহৰলৈ আহে ৷ তৃতীয় দিনাও সদনত শাসকীয় দলৰ তাচ্ছিল্যৰ সন্মুখীন হোৱা দেখা গ’ল বিধায়ক অখিল গগৈ ৷ এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে ৷

আজি পুনৰ বিভিন্ন বিষয়ক লৈ সদনত চলিছে আলোচনা।কিন্তু সদনত বিধায়ক অখিল গগৈক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেখুৱালে বুঢ়া আঙুলি। আৰু ইয়াক লৈ সদন উত্তাল হৈ পৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Chandra Mohan Patowary) বিতৰ্কিত আচৰণক লৈ উত্তাল হৈ পৰে অধিৱেশন।

সদনৰ আৰম্ভণিৰে পৰা শাসক-বিৰোধীৰ‌ মাজত বিভিন্ন বিষয়কলৈ আৰম্ভ হয় তৰ্ক যুদ্ধৰ মাজতে সংখ্যালঘু বিভাগৰ প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজত সৃষ্টি হয় বাক যুদ্ধৰ । ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক সদনত বুঢ়া আঙুলি দেখুৱাই কটাক্ষ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়‌ে ।

উল্লেখ্য যে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia)সংখ্যালঘু উন্নয়ন বিভাগৰ পুঁজিৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । সংখ্যালঘু উন্নয়ন বিভাগৰ প্ৰশ্নৰ উত্তৰৰ সময়তে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীৰ ফালে বুঢ়া আঙুলি দেখুৱাই ৷ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ এনে আচৰণৰ পিছতে উত্তাল হৈ পৰে বিধানসভাৰ অধিৱেশন। সদন ত্যাগ কৰে কংগ্ৰেছে।

লগতে পঢ়ক :Assam Legislative Assembly : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিন